Rural Homestay: প্ৰতিষ্ঠা আৰু প্ৰসাৰৰ ক্ষেত্ৰত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান(ASRLM)ৰ এক সুকীয়া প্ৰচেষ্টা

Assam State Rural Livelihood Mission  (ASRLM) ৰ দূৰদৰ্শী নেতৃত্বত, অসমৰ অন্যান্য জিলাৰ দৰে শোনিতপুৰ জিলাতো Rural Homestay  প্ৰচাৰ অৰু প্ৰতিষ্ঠাৰ বাবে এই পদক্ষেপ লোৱা হৈছিল। প্ৰাথমিক উদ্দেশ্য আছিল অঞ্চলটোত পৰ্যটন বৃদ্ধি কৰা আৰু একে সময়তে স্থানীয় সম্প্ৰদায়ক শক্তিশালী কৰা আৰু বহনক্ষম জীৱিকাৰ সুযোগ প্ৰদান কৰা। বালিপৰা উন্নয়ন খণ্ডৰ, চিলনি গাঁও পঞ্চায়তত এই পৰিৱৰ্তনশীল প্ৰকল্পটো আৰম্ভ কৰাৰ বাবে আদৰ্শ স্থান হিচাপে বাছনি কৰা হৈছিল।

Rural Homestay

ASRLM ৰ অধীনত মিলনপুৰ মহিলা আত্মসহায়ক গোটৰ সক্ৰিয় সদস্যা শ্ৰীমতী শকুন্তলা মিলিয়ে চিলনি গাঁও পঞ্চায়তত এক অনন্য Rural Homestay নিৰ্মাণ আৰু বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। শান্ত বাতাবৰনত অৱস্থিত এই Rural Homestay খনে প্ৰাকৃতিক সৌন্দৰ্য, পৰম্পৰাগত কলা কৃষ্টি আৰু অসমৰ বিশাল থলুৱা খাদ্যৰ এক বৃ্হত পৰিসৰ প্ৰদান কৰাৰ লগতে Concrete ৰ চহৰৰ ব্যস্ততাৰ পৰা পৰিত্ৰাণ পোৱাকৈ মন প্ৰাণক সজীৱ কৰাৰ এক সুন্দৰ সুযোগ প্ৰদান কৰি আহিছে ।

শোনিতপুৰ জিলা প্ৰশাসন, ASRLM ৰ District Project Manager আৰু Block Project Manager ৰ তত্বাৱধানত, ২০২২ চনত Block Mission Management Balipara (BMMU) ৰ দ্বাৰা প্ৰদান কৰা সমৰ্থন আৰু সহায়ৰ দ্বাৰা শ্ৰীমতী শকুন্তলা মিলিৰ Existing Rural Homestay খন আৰু অধিক প্ৰসাৰ কৰা হৈছিল। এই সহযোগিতাৰ ফলস্বৰূপে নতুনকৈ যথেষ্ঠ খিনি সুবিধা সংযোজন কৰা হৈছিল, যাতে পৰ্যটক সকলে Rural Homestay জৰিয়তে এক স্মৰণীয় অভিজ্ঞতা আৰু স্মৃতি বুটলিব পাৰে।

চিলনি গাঁও পঞ্চায়ত বহনক্ষম উন্নয়ন পদক্ষেপৰ পৰিৱৰ্তনশীল শক্তিৰ প্ৰমাণ হিচাপে থিয় হৈ আছে। ASRLM, স্থানীয় সম্প্ৰদায় আৰু শ্ৰীমতী শকুন্তলা মিলিৰ দৰে ব্যক্তিৰ দূৰদৰ্শী নেতৃত্বৰ সমৰ্পিত প্ৰচেষ্টাৰ জৰিয়তে এই “সেউজ গাওঁ” পৰিৱেশ-পৰ্যটন আৰু সাংস্কৃতিক সংৰক্ষণৰ এক আলোকচিত্ৰত পৰিণত হৈছে। চিলনি গাঁও পঞ্চায়তলৈ যাত্ৰা আৰম্ভ কৰক, য’ত প্ৰকৃতিৰ আলিঙ্গন আৰু উষ্ণ আতিথ্য একত্ৰিত হৈ এক পাহৰিব নোৱাৰা অভিজ্ঞতা সৃষ্টি কৰে। এই মনোমোহা গাওঁখনৰ বহনক্ষম বিকাশত অৰিহণা যোগোৱাৰ সময়ত অসমৰ সাংস্কৃতিক ঐতিহ্যৰ সাৰাংশ আৱিষ্কাৰ কৰক।

আমাৰ আলহী আঁচনি: Rural Homestay বিষয়ে জানো আহকঃ

আমাৰ আলহী আঁচনি, Rural Homestay অসম চৰকাৰৰ পৰ্যটন বিভাগৰ এক প্ৰচেষ্টা। ইয়াৰ লক্ষ্য হৈছে ৰাজ্যখনৰ গ্ৰাম্য গৃহৰ সুবিধাসমূহক এক নতুন মাত্ৰা প্ৰদান কৰা লগতে পৰ্যটনৰ সম্ভাৱনা থকা গ্ৰাম্য আৰু অৰ্ধ-নগৰ অঞ্চলৰ শিক্ষিত যুৱক-যুৱতীসকলৰ বাবে স্ব-নিযুক্তিৰ সুযোগ সৃষ্টি কৰা।

আমাৰ আলহী আঁচনিৰ অবেদন প্ৰক্ৰিয়াঃ

আমাৰ আলহী আঁচনিৰ অধীনত, অসম পৰ্যটন উন্নয়ন নিগমে (ASSAM TOURISM DEVELOPMENT CORPORATION LTD) দুটা প্ৰকাৰৰ Homestay বাবে আৱেদন সংগ্ৰহ কৰে:

  • নতুন Homestay (ৰাজসাহায্য প্ৰাপ্ত) নিৰ্মাণৰ বাবে আৰু
  • বিদ্যমান (Existing) Homestay বাবে

Homestay Unit নিৰ্মাণ বা পঞ্জীয়নৰ বাবে ঘৰ আৰু তেওঁলোকৰ চৌহদ বাছনি কৰাৰ ক্ষেত্ৰত নিম্নউল্লেখিত গুৰুত্বপূৰ্ন চৰ্ত সমূহৰ জৰিয়তেহে অবেদনকাৰী সকলে আবেদন জনাব পাৰিব ।

  • নতুন Homestay বা existing Homestay নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ঘৰবোৰৰ অৱস্থান আটাইতকৈ গুৰুত্বপূৰ্ণ হ‘ব লাগে।
  • ঘৰবোৰ কেৱল গ্ৰাম্য/অৰ্ধ-নগৰীয়া অঞ্চলৰ লগতে গুৰুত্বপূৰ্ণ পৰ্যটন স্থানৰ ওচৰত হ’ব লাগে।
  • এনে স্থানতো স্থাপন কৰিব পাৰে, য’ত কিছুমান গুৰুত্বপূৰ্ণ পৰ্যটন অনুষ্ঠান যেনে মেলা , উৎসৱ ইত্যাদি অনুষ্ঠিত হয়,  যিয়ে বিভিন্ন ঠাইৰ পৰা বৃহৎ সংখ্যক দৰ্শনাৰ্থীক আকৰ্ষণ কৰে।

হিতাধিকাৰী বাছনি আৰু প্ৰশিক্ষণ কাৰ্যসূচীঃ

ATDCL ৰ বাছনি সমিতিয়ে আৱেদন প্ৰ-পত্ৰ আৰু পৰিদৰ্শন প্ৰতিবেদন পৰীক্ষা কৰি, প্ৰশিক্ষণ কাৰ্যসূচীৰ বাবে আৱেদনকাৰী সকলক তালিকাভুক্ত কৰা হয়। তালিকাভুক্ত হিতাধীকাৰী সকলক আতিথ্য সেৱা, গৃহৰক্ষণ সেৱা, আৰু Homestay ব্যৱস্থাপনাৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে । প্ৰশিক্ষণত হিতাধিকাৰী সকলৰ পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰি বাছনি সমিতিয়ে অৱশেষত আঁচনিখনৰ অধীনত পঞ্জীয়নৰ বাবে উপযুক্ত HOMESTAY আৰু হিতাধিকাৰী বাছনি কৰাৰ লগতে নতুন Rural Homestay Unit ৰ বাবে ৰাজসাহায্য প্ৰদান কৰে।

এই ক্ষেত্ৰত জিলা/উপ-বিভাগীয় কৰ্তৃপক্ষৰ পৰা অনুমোদন, আৰক্ষী প্ৰমাণীকৰণ প্ৰমাণপত্ৰ (Police Verification), ভূমিৰ স্থিতিৰ প্ৰমাণপত্ৰ (status of land) ইত্যাদি নথি পত্ৰ সমূহ আবেদন প্ৰক্ৰিয়াৰ সময়ত প্ৰয়োজন হয়।

আমাৰ আলহী আঁচনিয়ে প্ৰদান কৰা সুবিধা সমূহঃ

Existing Homestay Unit (আগৰ পৰা চলি থকা):

  • অসম পৰ্যটনৰ অধীনত পঞ্জীভুক্ত এক কৰ্তৃত্বপ্ৰাপ্ত পৰ্যটন প্ৰতিষ্ঠান হিচাপে স্বীকৃতি।
  • বিশেষজ্ঞসকলৰ দ্বাৰা HOMESTAY আৰু অতিথি সেৱা উন্নত কৰাৰ বাবে পেছাদাৰী পৰামৰ্শ।
  • Homestay আৰু আতিথ্য সেৱা, মানসিকতা বিকাশ, আৰু বিনামূলীয়া প্ৰশিক্ষণ।
  • অসম পৰ্যটনৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে বিনামূলীয়া publicity and marketing ৰ সুযোগ।
  • অসম পৰ্যটনৰ দ্বাৰা প্ৰকাশিত accommodation guide and homestay directory ত তালিকাভুক্ত কৰা।
  • সময়ে সময়ে মুদ্ৰিত পুস্তিকা আৰু বিজ্ঞাপনত বিনামূলীয়াকৈ তালিকা ভুক্ত কৰা।
  • ভ্ৰমণ মেলা, গাইডবুক, আৰু ছ’চিয়েল মিডিয়া নেটৱৰ্কৰ জৰিয়তে মাৰ্কেটিংৰ সুযোগ।
  • স্থানীয় সম্প্ৰদায়বোৰক জৈৱিক কৃষি কৌশল গ্ৰহণ কৰিবলৈ উৎসাহিত কৰা।

নতুন Homestay:

  • Assam Type ঘৰ আৰু Stilted Assam Type  ঘৰৰ বাবে ব্যয়ৰ ৮০% সহায়।
  • প্ৰকল্প ব্যয়ৰ বাকী ২০% বেঙ্ক বা অন্যান্য উৎসৰ পৰা হিতাধিকাৰীসকলে বহন কৰিব লাগিব।
  • চৰকাৰ বা ATDCL অন্যান্য উৎসৰ পৰা লোৱা  ঋণৰ বাবে কোনো ধৰণৰ গেৰাণ্টি প্ৰদান বা কোনো বিত্তীয় দায়বদ্ধতা গ্ৰহণ নকৰে।

আৰু অধিক জানিবলৈঃ

Official website of ATDCLClick here
Amar Alohi formClick here

Amar Alohi | Assam Rural Homestay | ASRLM | Green Village | ATDCL |


Comments

Leave a Reply

Your email address will not be published. Required fields are marked *